Server image

চাৰ্ভাৰ কি হয়? Server definition in Assamese

Server definition চাৰ্ভাৰ কি হয়?

Server Definition in assamese
Server definition (computer)

চাৰ্ভাৰ (Server) হ’ল এটা চফ্টৱেৰ বা হাৰ্ডৱেৰ ডিভাইচ য’ত কোনো নেটৱৰ্কৰ মাধ্যমত কৰা অনুৰোধ(request) গ্ৰহণ (accept) আৰু প্ৰতিক্ৰিয়া(response) পঠিওৱা হয়। যিটো ডিভাইচৰ পৰা অনুৰোধ (request) তথা প্ৰতিক্ৰিয়া (response) পঠিওৱা হয়  তাক উপভোক্তা (client) বোলা হয়। ইন্টাৰনেটত ‘চাৰ্ভাৰ’ শব্দটো সাধাৰণতে কম্পিউটাৰ চিষ্টেমক বুজোৱা হয় য’ত এটা ৱেবছাইটৰ তথ্য (Data)  সমূহৰ স্হানান্তৰ  (transfer) কৰাৰ অনুৰোধ (request) গ্ৰহণ কৰ আৰু উপভোক্তাক (client) অনুৰোধ কৰা তথ্য প্ৰেৰণ কৰে।

#Server definition #Server definition in Assamese

ইয়াৰ ব্যৱহাৰ ক’ত হয়?

চাৰ্ভাৰ সমূহ নেটৱৰ্কৰ পৰিচালনাত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে কোনো ব্যৱহাৰকাৰীয়ে (user) কোনোবা নেটৱৰ্কৰ তথ্য গ্ৰহণৰ সন্মতি (access) পাবলৈ, ই-মেইল গ্ৰহণ/প্ৰেৰণ কৰিবলৈ, প্ৰিন্টিং কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ ভাৱে এটা ৱেবছাইটৰ হʼষ্টিং অৰ্থাৎ তথ্য জমা কৰিবলৈ আপোনাৰ এটা চাৰ্ভাৰৰ প্ৰয়োজন হয়। এটা চাৰ্ভাৰৰ জড়িয়তে কেইবাটাও কাম কৰিব পৰা যায়। কিছুমান চাৰ্ভাৰ কেৱল নিৰ্দিষ্ট কাম কৰিবলৈ ব্যৱহাৰ কৰা হয় যাক ডেডিকেটেড চাৰ্ভাৰ বুলি কোৱা হয়। আজিকালি এটা চাৰ্ভাৰতেই (শ্বেয়াৰ্ড চাৰ্ভাৰ) অনেক চাৰ্ভাৰ যেনে ই-মেইল, ডি এন এছ, এফ টি পি আৰু একাধিক ৱেবছাইটৰ হʼষ্টিং কৰিব পৰা যায়।

#use of Server

চাৰ্ভাৰ এটা সদায় কিয় অনলাইন থাকিব লাগে?

যিহেতু এটা চাৰ্ভাৰ নিয়মীয়াকৈ প্ৰয়োজন হৈ থাকে ডাটা আৰু চাৰ্ভিচ সৰবৰাহ কৰিবলৈ সেয়ে অধিকতম চাৰ্ভাৰ কেতিয়াও বন্ধ নহয়। যদি কেতিয়াবা কোনো কাৰণত চাৰ্ভাৰ এটা বন্ধ হৈ যায় তাৰ ফলস্বৰূপে সেই নেটৱৰ্কৰ ব্যৱহাৰকাৰীয়ে আৰু সংস্হাসমূহে বহুতো সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনেকুৱা সমস্যাসমূহ হ্ৰাস কৰিবলৈ চাৰ্ভাৰ বোৰ ত্ৰুটি সহনশীলতাৰ (Fault tolerance) সৈতে ডিজাইন কৰা হয়।

চাৰ্ভাৰৰ উদাহৰণ-

  • Application Server
  • Blade Server
  • Cloud Server
  • Database Server
  • Dedicated Server
  • Domain Name Service
  • File Server
  • Print Server
  • Mail Server
  • Proxy Server
  • Standalone Server
  • Web Server

#types of Servers #Server definition

কম্পিউটাৰবোৰ এটা চাৰ্ভাৰৰ লগত কেনেকৈ সংযুক্ত হৈ থাকে?

এটা লʼকেল নেটৱৰ্কৰ সৈতে চাৰ্ভাৰটো ৰাউটাৰেৰে সংযোগ স্থাপন কৰিলে নেটৱৰ্কটোত থকা সকলো কম্পিউটাৰ চাৰ্ভাৰৰ সৈতে সংযুক্ত হৈ পৰে আৰু চাৰ্ভাৰত থকা সকলো ডাটা এক্সেচ কৰিব পাৰি। উদাহৰণস্বৰূপে, এটা ৱেবছাইটৰ ব্যৱহাৰকাৰীয়ে(user) ৱেব চাৰ্ভাৰৰ পৰা যিকোনো তথ্য সংগ্ৰহ আৰু অনুসন্ধান কৰিব পাৰে আৰু অন্যান্য ব্যৱহাৰকাৰীৰ (users) সৈতে সংযোগ স্থাপন কৰিব পাৰে।এটা ইন্টাৰনেট চাৰ্ভাৰে লʼকেল চাৰ্ভাৰৰ নিচিনা একেই কাম কৰে যʼত কেৱল পৰিসৰ ডাঙৰ হয়। চাৰ্ভাৰটো এটা ৱেব হʼষ্টৰ দ্বাৰা এটা i.p addressত এছাইন কৰা হয়।সাধাৰণতে, ব্যৱহাৰকাৰীসকলে এটা ডʼমেইন নামৰ দ্বাৰা এটা চাৰ্ভাৰৰ সৈতে সংযোগ স্থাপন কৰে। সংযোগ স্থাপন হোৱাৰ পিছত ৱেবছাইটৰ তথ্য DNS resolver ৰ জড়িয়তে i.p addressত transfer কৰা হয়।

চাৰ্ভাৰ সমূহ ক’ত সংৰক্ষণ(store) কৰা হয়?

বিজনেছ অথবা কৰ্পৰেট খণ্ডৰ এটা এটা চাৰ্ভাৰ আৰু অন্যান্য নেটৱৰ্ক টুল্চ সমূহ প্ৰায়েই বাতানুকুল কাচৰ ঘৰত (glass room) ত সংৰক্ষণ কৰা হয়। এই স্হানসমূহ অতি সংবেদনশীলকৈ(sensitive) তৈয়াৰ কৰা হৈছে যাতে ইয়াৰ কম্পিউটাৰ আৰু টুল্চ সমূহ পৃথক পৃথককৈ ৰাখিব পাৰি, এনেকৈয়ে এটা চাৰ্ভাৰ অন্য লোকৰ এক্সেচৰ পৰা সুৰক্ষিত (security) কৰি ৰাখে।

চাৰ্ভাৰ এটাত হʼষ্ট কৰা চাইট সমূহ ডাটা চেন্টাৰত ৰখা হয়। এই ধৰণে চাৰ্ভাৰ সমূহৰ লগত হাৰ্ডৱেৰ ডিভাইচ সমূহ কোনো সংস্হাৰ দ্বাৰা পৰিচালিত হয় আৰু আপুনি দূৰৱৰ্তী স্থানৰ পৰা ইয়াক কন্ফিগাৰ (configure) কৰিব পাৰে।

আপোনাৰ পাৰ্চনেল কম্পিউটাৰটো এটা চাৰ্ভাৰ হব পাৰে নে?

হয়, যিকোনো কম্পিউটাৰ অথবা ঘৰৰ ডেস্কটপ বা লেপটপো আপুনি ছফ্টৱেৰ ব্যৱহাৰ কৰি চাৰ্ভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ কম্পিউটাৰৰ অন্যান্য নেটৱৰ্কৰ ফাইলসমূহ শ্বেয়াৰ কৰি আপোনাৰ কম্পিউটাৰত এটা এফ টি পি (FTP) চাৰ্ভাৰ প্ৰগ্ৰেম ইনষ্টল কৰিব পাৰে।

#Server definition


যদিও আপুনি আপোনাৰ ঘৰৰ কম্পিউটাৰটো এটা চাৰ্ভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু নিম্নলিখিত তথ্য সমূহ মন কৰিবলগীয়া-

  • আপোনাৰ কম্পিউটাৰ আৰু সংযোগী চাৰ্ভাৰ চফ্টৱেৰ এক্সেচযোগ্য (accessable) কৰিবলৈ আপুনি ইয়াক সদায় ২৪x৭ চলিত ৰাখিব লাগিব।
  • যেতিয়া আপোনাৰ কম্পিউটাৰে এটা চাৰ্ভাৰ হিচাপে কাম কৰিব আৰু অন্যান্য লোকে ইয়াক ব্যৱহাৰ কৰিব তেতিয়া ইয়াৰ ৰিচʼৰ্চসমূহ (যেনে Processing আৰু Bandwidth) হ্ৰাস পায় আৰু তাৰ ফলত আপুনি আপোনাৰ কম্পিউটাৰত অন্যান্য কাম সমূহ কৰিবলৈ বাধাৰ সৃষ্টি হয়।
  • কম্পিউটাৰ এটাক এটা নেটৱৰ্কৰ দ্বাৰা আৰু ইন্টাৰনেটৰ দ্বাৰা সংযোগ কৰিলে বিভিন্ন আক্ৰমণৰ ৰাস্তা খুলি যায় ফলত ইয়াত থকা তথ্য সমূহ চাইবাৰ আক্ৰমণকাৰী সকলে আক্ৰমণ কৰিব পাৰে।
  • যদি আপোনাৰ ৱেবছাইট জনপ্ৰিয় হৈ পৰে আৰু তেতিয়া এই সাধাৰণ কম্পিউটাৰটোৰ ইমান ক্ষমতা নাই যে সকলো ব্যৱহাৰকাৰীৰ (users) অনুৰোধ(request) গ্ৰহণ(accept) কৰিব পাৰিব, ফলত আপোনাৰ ৱেবছাইট ক্ৰেছ(crash) হৈ চিষ্টেম(system) বিফল (Failure) হব পাৰে।

#Server definition

server definition server definition assamese server definition in assamese server error meaning server status sever error problem what is a server

Leave a Reply